Friday, April 21, 2017

নতুন নে পুৰণি ?


নতুন নে পুৰণি

প্ৰজন্ম বাগৰি আহে
সাতোখন মেখেলা পাৰ কৰি
সলনি হয় ৰীতি-নীতি
বিশ্বাস অন্ধ-বিশ্বাস
সোলোক-ধোলোক হ্য়
কান্ধ বৈ থকা কাঠৰ বাটাম
গঢ় লৈ উঠে নতুন ভেটি
সাতোৰঙী আকাশত গঢ় লয় নতুন সপোন
সমাজ ভঙাৰ সমাজ গঢ়াৰ বতৰাৰে
নতুনে ভাবে পুৰণি সকলো মিছা
সাজ নভাৱ আপোন আপোন দিশা
কোনে কব পাৰে কোন সচাঁ কোন মিছা
আদালতৰ কাঠগঢ়াত বন্দী
শুদ্ধ আৰু অশুদ্ধ
বতাহ সলনি হলে দিশও সলনি হয়
পৰিবৰ্ত্তনে নেমানে কাকো
ঢাহি-মুহি লৈ যায় ন-পুৰণি সকলো
নতুন গঢ় লৈ উঠে পুৰণিৰ ভেটিতে

আকৌ পুৰণি হবলৈ এদিন নতুনৰ বুকুতে....

No comments:

Post a Comment