Thursday, April 9, 2015

গীত

জোনাক  নীলা আবেলিতে
চ্ম্পা  ফুলা  দুপৰতে
চিপ চিপ চিপ চিপ বৰষাতে
                                           তোলৈ  মনত পৰে  নিজানতে

জোনাক  নীলা আবেলিতে
মৌ সনা শেতেলীতে
নিথৰ নিশা  দুপৰতে
তোলৈ মনত পৰে নিজানতে

চ্ম্পা  ফুলা  দুপৰতে
পদুম পাতৰ  নিয়ৰতে
বৈ  অহা  সুগন্ধিতে
উৰি  অহা  কুজনতে
তোলৈ  মনত পৰে নিজানতে


চিপ চিপ চিপ চিপ বৰষাতে
চিকুন  উমাল ৰদালিতে
হেপাহ  ভৰা  উলাহতে
তৰা  বচা  আকাশখনে
মোৰে সতে  কথা পাতে
তোলৈ  মনত  পৰে নিজানতে


ঢৌ  খেলা  বননিতে
মৄদু  মধু  মলয়াতে
কুঞ্জৰ  কুহৰ  উপঙিলে
মায়াৱী বসন্ত  জাগে  ছাগে
তোলৈ  মনত পৰে  নিজানতে


সপোন  আপোন  গধুলিতে
দাপোণেযে  পোহাৰ  মেলে
আগা-দেৱা  বিজুলীৰে
মৰমী পৰশ যেন  উৰি আহে
নিজানতে  মনত পৰে.. 
তোলৈ  মনত পৰে  নিজানতে

জোনাক  নীলা আবেলিতে
চ্ম্পা  ফুলা  দুপৰতে
চিপ চিপ চিপ চিপ বৰষাতে


তোলৈ  মনত পৰে  নিজানতে

No comments:

Post a Comment