Friday, July 29, 2011

আই

জন্ম  হৈয়ে   কান্দিছিলো


আয়ে   নিচুকাইছিল


সৰগৰ  তৰা  আনি  দিম  বুলি

আইৰ  কোলাই  বোকোচাই

এদিন  ডাঙৰ   হ’লো

জোন  বাই  এ  বেজী  এটি   দিয়া

বুলি  ক’বলৈ   এৰিলো


বুজন  হৈ   দেখিলো


মোৰ  আই  কিমান  লাঞ্চিতা,  নিস্পেষিতা

সৰগৰ  তৰা  আনি  দিয়াটো  দূৰৰ  কথা

নিজৰ  বুকুৰ   উজ্জল  সম্পদ  বোৰকে

ধৰি   ৰাখিব  নোৱাৰে

পিয়াহ  খুৱাই   ডাঙৰ  কৰা

সন্তান  বোৰে  পিয়ন  চাৰিলেও

যাতে নিজ  কৰ্তব্য  পাহৰি  নাযায়....

No comments:

Post a Comment