তোমাৰ হয়তো মোৰ প্ৰতি সীমাহীন অভিযোগ- উপেক্ষাৰ
যদিও সেই সময় আছিল সাময়িক,
হয়তো আনৰ দৰে তুমিও বিশ্বাস কৰা
ত্বৰিত্ বেগী আঠাই ত্বৰাণ্বিত কৰা দুদিনীয়া বন্ধুত্বত..
আয়ে মোক শিকালে মাথো দিবি
প্ৰতিদানত একো নিবিচাৰিবি...
পিতায়ে দিলে উচ্চ আদৰ্শ
আৰ্তজনক সহায় কৰিবি
কেতিয়াও কাৰো অহিত নিচিন্তিবি..
ঠিকেই ভাবিছা তুমি...
আনৰ আঘাট সহিবলৈ
নিজৰ চাৰিওকাষে উচ্চ প্ৰাচীৰ সাজিছো
তথাপিতো সুৰুঙা থৈছিলো মই
সঁচা বন্ধুত্ব অহাৰ বাট..
তোমাক লগ পোৱাৰ আগলৈকে
সুখ আছিল মোৰ পৰম সুহৃদ...!
এতিয়া বতাহত উৰে নিজান দুখ...
কাৰণ তোমাৰ সমস্ত দুখ...
এতিয়া একান্তই মোৰ........
অন্তৰ পৰশা ///
ReplyDelete