Wednesday, January 19, 2011

তোমালৈ



 
                       
    শব্দৰ পৰা   নৈশব্দলৈ
    ৰুপকৰ পৰা ৰুপান্তৰলৈ
       সসীমৰ পৰা অসীমলৈ
    এক  অনুভূতি .. প্রেম অথবা বন্ধুত্ব
    যাৰ বাবে আমাৰ অন্তহীন যাত্ৰা
       ই   সুখৰ   মৰুছায়া
        নে   দুখৰ    তটিনী ?
        কিম্বা  সুব্ৰ্ণময়ীতাৰ 
         যাদুসনা পৰশ পাথৰ....!
          যাৰ  স্পৰ্শত  সোনালী  হৈ  উঠে
         প্ৰতিটো  ক্ষণ  , প্ৰতিটো  উশাহ,


        বন্ধুত্বই হব পাৰে তোমাৰ প্রেৰণা
       সুখৰ দিনৰ লগৰী
        আৰু দুখৰ দিনতো ৰিঁ ৰিঁ কৈ
       বুকুত বাজি থকা এটা বাহীঁ




       বন্ধুত্বই দিব পাৰে তোমাক সাহস
      যাক তুমি খুলি দেখুৱাব পাৰা
     তোমাৰ হৃদয় অকাতৰে, অকপটে


     বন্ধুত্বই আধাৰ নিভাঁজ বিশ্বাসৰ
       উৎস  হৃদয়ৰ  নিৰ্মল  প্রশান্তিৰ
      ই  বোৱাই  দিয়ে  অন্তঃসলিলা  ফল্গু
      অকৃপনতাৰে আজীৱন........


     

2 comments:

  1. এইখন গেজেট ব্যৱহাৰ কৰকঃhttp://www.addthis.com/
    আৰু ব্লগৰ প্রচাৰ কৰি থাকক।

    ReplyDelete
  2. ধন্যবাদ............

    ReplyDelete